- Anup Chutia, M.A., M.Phil., (SLET), HOD (Ph. – 9101224351)
- Nayanmoni Mahanta, M.A., M.Phil. (Ph. – 9954179018)
- Uttam Kumar Chutia, M.A., (NET) (Ph. – 7002591314)
- Arunima Bhuyan, M.A., B.Ed., (NET) (Ph. 7896177335)
- Bornali Chutia, M.A., (NET, SLET) (Ph. – 9954690253)
২৯ জুন, বুধবাৰ ২০২২। বিদায় সম্বৰ্দ্ধনা সভা।
চিচি বৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগত দ্বিতীয় আৰু চতুৰ্থ ষান্মাসিক ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত আৰু বিভাগীয় শিক্ষক-শিক্ষয়ত্ৰী সহযোগত বিভাগৰ ষষ্ঠ ষান্মাসিক ছাত্ৰ-ছাত্ৰীসকলক বিদায় জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত বিদায় সম্বৰ্দ্ধনা সভাত সভাপতিত্ব কৰে বিভাগৰ মুৰব্বী অধ্যাপক অনুপ চুতীয়াই। অধ্যাপক উত্তম কুমাৰ চুতীয়াই আঁত ধৰা অনুষ্ঠানটিত সমান্তৰালকৈ অধ্যাপক নয়নমণি মহন্তই সম্বৰ্দ্ধনা পত্ৰ প্ৰদানৰ আঁত ধৰে। সভাত ছাত্ৰ-ছাত্ৰী শিক্ষকসকলৰ দ্বাৰা সমবেত সংগীত, নৃত্য-গীত, কবিতা পৰিবেশন কৰা হয়। সভাত উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰি বহুমূলীয়া ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত ভাস্কৰ চুতীয়া, উপাধ্যক্ষ শ্ৰীযুত দিতুল লাহন, দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক নৱ শইকীয়া, শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক মানিক শইকীয়া, শিক্ষাতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক অৱনী বৰুৱা, ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক জগন্নাথ চুতীয়া, অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক অৰুণিমা ভূঞা, বৰ্ণালী চুতীয়া, অতিথি অধ্যাপক কংকনা ভূঞাই। অনুষ্ঠানত অংশগ্ৰহণ কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মানসজ্যোতি শইকীয়া, সংস্কৃতিক সম্পাদিকা পূজা দাস।




